সোঁৱৰণিত প্ৰবোধ চন্দ্ৰ বৰগোহাঁই
ড॰ গিৰীণ গগৈ
স্বৰ্গীয় প্ৰবোধ চন্দ্ৰ বৰগোহাঁই-আমাৰ ৰবীন ককাইদেউৰ প্ৰতি সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিলো আৰু তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ৷ তেখেতৰ অবত্তৰ্মানত মই লগ পোৱা, দেখা, শুনা কেইটিমান কথা উল্লেখ কৰিবলৈ প্ৰয়াস কৰা হৈছে৷
ঁ গণনাথ গোহাঁইদেৱৰ দ্বিতীয় পু্ত্ৰ সন্তান ৰবীন ককাইদেউ৷ অতি মেধাবী ছাত্ৰ আছিল৷ অসমৰ ভিতৰত স্থান লাভ কৰি বৃত্তি পোৱা ছাত্ৰ ৰবীন ককাইদেউ স্কুলীয়া জীৱনত কিতাপৰ পোক আছিল বুলি কলেও ভুল কৰা নহয় ছাগে৷ স্কুলত তেখেতক শিক্ষকসকলে অতি মৰম কৰিছিল৷ সৰুতে আমি তেখেতক সততে লগ পোৱা নাছিলো৷ জীয়ৰী সম্পৰ্ক সূত্ৰে নিচাদেউ-আপাদেউৰ সন্তান ৰবীন ককাইদেউ আমাৰ আপোন আছিল৷ সৰুতে সততে তেখেতসকলৰ ঘৰলৈ গৈছিলো, খেলিছিলো আন ককাইদেউ-বাইদেউহঁতৰ লগত কথা পাতিছিলো৷ ঘৰত আন সকলোকে লগ পাওঁ, কিন্তু ৰবীন ককাইদেউক লগ নাপাওঁ৷ তেখেতৰ খবৰ ল’লে কয় “সি কিতাপ পঢ়ি আছে”৷ সৰুৰে পৰাই কেৱল কিতাপ পঢ়াত ব্যস্ত আছিল ককাইদেউ৷ নিজৰ পাঠ্য-পুথিৰ উপৰিও শিক্ষক দেউতাকে সংগ্ৰহ কৰি দিয়া কিতাপবোৰ পঢ়াত ব্যস্ত আছিল তেখেত৷ এদিনৰ কথা৷ আঘোন মাহ৷ পথাৰত দাৱনিয়ে ধান দাইছে৷ উদঙীয়া গৰুৱে বৰকৈ আমনি কৰিছে৷ দাৱনিৰ ধান দোৱাত অসুবিধা হৈছে৷ সেয়েহে গৰু খেদি অলপ সহায় কৰি দিবলৈ ক’লে৷ জানিব পৰা মতে পঢ়াত অসুবিধা হ’ব বুলি ভাবি যাবলৈ অনিচ্ছা প্ৰকাশ কৰিলে৷ বৰকৈ ধৰাত তেখেতে এদিন যাবলৈ সন্মত হৈছিল৷ কিন্তু গৰু খেদিবলৈ যাওঁতে হাতত এচাৰিৰ পৰিৱৰ্তে এখন কিতাপহে লৈ গৈছিল৷ শুনি পোৱা কথা৷
আমি সৰুৰে পৰাই চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেল পথাৰত [বৰ্তমান ৰাজহুৱা খেল পথাৰ]ত খেলিছিলো৷ খেলৰ ভিতৰত বাঁহৰ খুতি পুতি, ঘৰতে নিজেই বনাই লোৱা কাঠৰ বেট লৈ ক্ৰিকেট আৰু ৰবৰৰ বলেৰে ফুটবল৷ তেখেত খেল পথাৰলৈ গৈছিল যদিও খেলত অংশ গ্ৰহণ কৰা নাছিল৷ কিন্তু আমাৰ খেল শেষৰলৈকে উপভোগ কৰিছিল৷ এদিন খেল পথাৰতে আমাৰ এখন মিটিং হৈছিল৷ এইটো প্ৰায় ১৯৬৯-৭০ চন মানৰ কথা৷ তেখেত আমাৰ মাজত সকলোতকৈ জ্যেষ্ঠ আছিল৷ তেখেতক সভাপতিৰ আসনত বহুৱাই আমাৰ মিটিং বহিল৷ সেইদিনাৰ পিছৰ সিদ্ধান্ত অনুসৰি ‘‘নবাৰুণ যুৱক সংঘ’’ গঠন কৰা হৈছিল৷ তেখেতক নবাৰুণ যুৱক সংঘৰ প্ৰথম সভাপতি নিৰ্ববাচন কৰা হৈছিল৷ পাচলৈ শিক্ষা গ্ৰহণৰ উদ্দেশ্য আমাৰ সদস্যসকল ভিন্ন স্থানলৈ যাব লগা হোৱাত আমাৰ অনুষ্ঠানটো লুপ্ত হৈছিল৷ পাচৰকালত তেখেতক লগ পালেই নবাৰুণ যুৱ সংঘলৈ মনত পৰিছিল৷
কোনোবাই কোনো কাৰণত খোলা অন্তৰৰ মানুহৰ বিষয়ে আলোচনা কৰিলে কিন্তু ৰবীন ককাইদেউলৈহে মনত পৰিছিল৷ একেবাৰে খোলা অন্তৰৰ এজন ব্যক্তি আছিল তেখেত৷ সকলো লুক-ঢাক নৰখাকৈ কথা পাতিছিল তেখেতে৷ যাৰ প্ৰতি যি ভাৱ আছিল তাক অকপটে প্ৰকাশ কৰিছিল৷ ফুচফুচাই কথা পতাৰ নীতি নাছিল বুলি ক’ব পাৰি৷ সেয়েহে আনৰ লগত কথা পাতোতে খোলা হাঁহি মাৰি কথা পাতিছিল৷ আনৰ দৰে ওঁঠ টিপি হঁহাৰ স্বভাৱ তেখেতৰ নাছিল৷ তেখেতক লগ পোৱা সকলোৱেই নি(য় এইটো উপলব্ধি কৰিছিল৷
আমাৰ পৰা তেখেত চিৰ বিদায় লৈ গুচি গ’ল৷ পুনৰবাৰ তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷